নামনি অসমত প্ৰচলিত এটি লোক উৎসৱ হৈছে মহোহো বা মহখেদা উৎসৱ।


নামনি অসমত প্ৰচলিত এটি লোক উৎসৱ হৈছে মহোহো বা মহখেদা উৎসৱ। এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। মহোহোত গধূলি গাঁৱৰ চেমনীয়া ল’ৰা আৰু ডেকাই কেবাটাও দলত বিভক্ত হৈ হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহোহো গীত বোলে। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। প্ৰতিঘৰ মানুহৰ চোতালত ল’ৰা বা ডেকাবিলাকে বৃত্তৰ আকাৰত ঘূৰি ঘূৰি মহোহো গীতবোৰ গায়। এই গীত প্ৰথমে এজনে লগাই দিয়ে আৰু তাৰ পিছতহে বাকীবিলাকে ধৰে। টোকোন বা লাঠিৰে ঠনৰ ঠনৰকৈ শব্দ কৰি গোৱা মহোহো গীতৰ নমুনা এনেধৰণৰ –

(মহৌ হৌ মহৌ হৌ) মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ।।

মহে বোলে মৰ্‌লু দে। টেপৰ পুৰা খালু দে।।
এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। আঘোন মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰে আনন্দৰে পালন কৰে। চেমনীয়া ল’ৰা আৰু ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহো-হো গীত বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহো-হো গীতৰ ৰূপ এনেধৰণৰ- মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ॥ মহে বোলে মৰ্‌লু দে। টেপৰ পুৰা খালো দে॥ ইত্যাদি।

উৎসৱত গোৱা গীতবোৰক ‘ভাল হওক দিয়া’ বা ভাওল দিয়া গীত বোলা হয়। মহ খেদোঁতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়।
লোকবিশ্বাস মতে
মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয়। আঘোণ মাহ অসমৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ। এই সময়তে পথাৰত ধানত পোক ধৰে। গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। লোকবিশ্বাস মতে মহো-হো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে।